46
তিনিচুকীয়াঃ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীক সপ্তম দৰমহা আয়োগৰ দ্বাৰা সংশোধিত দৰমহা লাগে ঠিকেই, কিন্তু কৰ্মস্পৃহা যে তেনেই তাকৰ সেয়া নকৈ দোহৰাৰ কোনো প্ৰয়োজন নাই ৷ ইয়াৰ মাজতে নিউজ নেক্সট ৱানৰ কেমেৰাত বন্দী হৈছে এক আজৱ দৃশ্য।
কেমেৰাত বন্দী হোৱা এই দৃশ্যই স্পষ্টকৈ প্ৰমাণ কৰে যে তিনিচুকীয়া জিলাৰ কাকপথাৰ উন্নয়ন খণ্ডৰ কাৰ্যালয়ত সততে কৰ্মচাৰী উপস্থিত নাথাকে বুলি দীৰ্ঘদিন ধৰি যি অভিযোগ উত্থাপিত হৈ আহিছিল সেয়া তিলমানো মিছা নহয়।