তিনিচুকীয়াঃ এটা বিশেষ বঁটাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে বিতৰ্কৰ। ঐতিহাসিক মোৱামৰীয়া গণবিপ্লৱৰ পিছত উজনি অসমত নিজা ৰাজনৈতিক দক্ষতা, বিচক্ষণতা আৰু ৰাজকীয় সাহসেৰে ১৭৮৮ খ্ৰীষ্টাব্দত স্বাধীন মটক ৰাজ্য প্ৰতিষ্ঠা কৰা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ নামত প্ৰৱৰ্তন কৰা বঁটাক লৈ সৃষ্টি হৈছে এই বিতৰ্কৰ।
যিসময়ত ইংৰাজ ঔপনিৱেশিক শাসন-শোষণে সমগ্ৰ ভাৰতবৰ্ষতে প্ৰভূত্ব বিস্তাৰ কৰিছিল, ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে অবিভক্ত অসম ইংৰাজ সাম্ৰাজ্যবাদী শাসনৰ আওতালৈ আহিছিল সেইসময়তো ১৮৪২ চনলৈকে সগৌৰৱেৰে উৰি আছিল স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ স্বাধীন মটক ৰাজ্যৰ ধ্বজা।