70
ডিফুঃ ডিফুৰ জৱাহৰ নবোদয় বিদ্যালয় চৌহদত থকা বাহন চালকৰ ঘৰত অগ্নি সংযোগ কৰা দূৰ্বৃত্তক ডিফু নগৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে৷
প্ৰাপ্ত বাতৰি মতে যোৱা ১৯মে’ৰ পুৱা প্ৰায় ৪ বজাত নবোদয় বিদ্যালয় চৌহদত থকা বিদ্যালয়ৰ বাহন চালকৰ ঘৰত ঘৰত অগ্নি সংযোগ হৈ চালক সঞ্জীত দেৰ ঘৰ জলি ভস্মীভূত হোৱাৰ লগতে প্ৰায় ৬লক্ষ্যাধিক টকাৰ সা- সম্পত্তি নষ্ট হোৱা বুলি ডিফু থানাত এজাহাৰ দাখিল কৰিছিল৷