কোকৰাঝাৰঃ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই একপক্ষীয়ভাৱে কোকৰাঝাৰৰ তিনিটা পৰীক্ষা কেন্দ্ৰ বৰপেটাৰ ভৱানীপুৰ আঞ্চলিক কলেজলৈ স্থানান্তৰ কৰাৰ প্ৰতিবাদত প্ৰশিক্ষাৰ্থীসকলে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত আজি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই উক্ত পৰীক্ষা কেন্দ্ৰ তিনিটাৰ বাকী থকা পৰীক্ষাসমূহ বাতিল কৰিছে।
আজি বিশ্ববিদ্যালয়খনৰ পৰীক্ষা নিয়ন্ত্ৰকে বিটিচিৰ শিক্ষা সঞ্চালকালয়ৰ প্ৰতিনিধিৰ আগত কোকৰাঝাৰ জিলাৰ প্ৰাথমিক শিক্ষাৰ প্ৰথম বৰ্ষৰ ডিপ্ল’মা পাঠ্যক্ৰমৰ তিনিটা পৰীক্ষা কেন্দ্ৰ ক্ৰমে ফকিৰাগ্ৰাম কলেজ, ডায়েট আৰু আৰু বিএড কলেজৰ পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হবলগীয়া পূৰ্ব নিৰ্ধাৰিত পৰীক্ষাসমূহ বাতিল কৰা হৈছে বুলি সদৰী কৰে।