61
অভয়াপুৰীঃ বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ সমীপৱৰ্তী পাৰেৰ চৰত আজি ৰাতিপুৱা প্ৰায় ৬ বজাত প্ৰায় ১০ ফুট দৈৰ্ঘ্যৰ এটা অজগৰ উদ্ধাৰ হয়।
উদ্ধাৰ হোৱা অজগৰটো গাওঁখনৰ সমীপৰ লুঙাই পাহাৰৰ পৰা জনবসতি পূৰ্ণ স্থানলৈ খাদ্যৰ সন্ধানত নামি অহা সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। আজি ৰাতিপুৱা চুলতান আলিৰ ঘৰত স্থানীয় ৰাইজে অজগৰটো প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়ে।