নগাঁও টাউনঃ আত্মসুৰক্ষা, আত্মনিয়ন্ত্ৰণ, নিয়মানুৱৰ্তিতা, দায়বদ্ধতা, সু-স্বাস্থ্য, সামাজিক সহযোগিতা, ব্যক্তিত্ব, আত্মবিশ্বাস, মনোযোগিতা, মানসিকতা আদিৰ উত্তৰণৰ বাবে ছাত্ৰ জীৱনত সমৰ কলাৰ গুৰুত্ব অপৰিসীম। সেই উদ্দেশ্যেই আজি নগাঁও জিলাৰ কুজীডাঁহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত জন্ম হ’ল এটি টাইকোৱান-ড’ প্ৰশিক্ষণ কেন্দ্ৰ।
ৱৰ্ল্ড টাইকোৱান-ড’ ফেডাৰেশ্যনৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত ড্ৰেগন টাইকোৱান-ড’ একাডেমী নামৰ প্ৰশিক্ষণ কেন্দ্ৰটোত প্ৰশিক্ষক হিচাপে থাকিব ইন্টাৰনেশ্যনেল টাইকোৱান-ড’ ফেডাৰেশ্যনৰ দ্বাৰা ব্লেকবেল্ট চেকেণ্ড ডান প্ৰাপ্ত মিন্টু গোস্বামী।