52
আজাৰাঃ মহানগৰীৰ সমীপৱৰ্তী তথা পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তৰ্গত বৰহেৰামদৈত বুধবাৰে নিশা ৰাইজে সন্দেহজনক চোৰাং গৰু ভৰ্ত্তি দুখন DI গাড়ী জব্দ কৰে। জব্দ কৰা ১৭ টা পশুধনৰ মুল্য প্ৰায় প্ৰায় তিনি লক্ষাধিক হ’ব বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, ছয়গাওৰ গৰৈমাৰীৰ পৰা মেঘালয়ৰ পাথাৰখামালৈ এই ডিআই গাড়ী দুখন লৈ গৈ থকাৰ অৱস্থাত বৰহেৰামদৈত স্থানীয় ৰাইজে সন্দেহ উপজাত বুধবাৰে প্ৰায় ১০ মান বজাত গাড়ী দুখন জব্দ কৰি ৰাখে।