52
চাবুৱাঃ চাবুৱা হাতীআলি চেতিয়াগাঁৱৰ গুঞ্জন বৰচেতিয়া নামৰ এগৰাকী অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰই হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্ব্বোচ্চ ৫৩১নম্বৰসহ উত্তীৰ্ণ হৈ চাবুৱা অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে।
আন দহজনতকৈ যথেষ্ট পৃথক গুঞ্জনৰ ছাত্ৰ জীৱন। গুঞ্জনে বিদ্যালয়লৈ যোৱাৰ পূৰ্বে সংগ্ৰহ কৰে ব্ৰইলাৰ।তাৰ পিছত সেইবোৰৰ পাখি গুচাই বিক্ৰীৰ বাবে উপযোগীকৈ ধুই উঠি এমুঠি খাইহে চাবুৱা লিটোল এঞ্জেল হাইস্কুললৈ যায়।