51
ডিজিটেল ৰিপ’ৰ্টঃ বিশেষভাৱে সক্ষম হৈয়ো সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা মঙলদৈৰ ৰূপশিখা নাথক অভিনন্দন জ্ঞাপন কৰে দৰং জিলাৰ আৰক্ষী অধীক্ষক শ্ৰীজিৎ টিয়ে।
বৃহস্পতিবাৰে ৰূপশিখাৰ বাসগৃহত উপস্থিত হৈ এটি কিতাপৰ টোপোলা উপহাৰস্বৰূপে আগবঢ়াই অভিনন্দন জ্ঞাপন কৰে অৰক্ষী বিষয়াগৰাকীয়ে। তেওঁ ৰূপশিখাৰ পিতৃ-মাতৃৰ সৈতেও দীঘলীয়া সময় ধৰি বাৰ্তালাপ কৰে।