মাৰ্ঘেৰিটাঃ অসমৰ অন্যতম নৃগোষ্ঠী টাই ফাকে মহিলাসকলে নিজ হাতে বৈ উলিওৱা পৰম্পৰাগত জনগোষ্ঠীয় বৈশিষ্ট্য সম্বলিত সাজ-পাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ লগতে ৰাষ্ট্ৰীয় তথা ৰাজ্যিক পৰ্য্যায়তো বহুল ভাৱে সমাদৃত৷ ইয়াৰ সমান্তৰাল ভাৱে টাই ফাকে মহিলাসকলে এই বয়ন শিল্পৰ জৰিয়তে নিজেও কম-বেছি পৰিমাণে স্বাৱলম্বী হ’বলৈ সক্ষম হৈছে।
জনগোষ্ঠীটোৰ এই বয়ন শিল্পক বৰ্তমান প্ৰতিযোগিতাৰে ভৰা বজাৰ ব্যৱস্থাত বাণিজ্যিকভাৱে আৰু পৈণতকৈ গঢ়ি তোলাৰ লক্ষ্যৰে ভাৰত চৰকাৰৰ জনজাতি কল্যাণ মন্ত্ৰালয়ৰ অধীনস্থ ট্ৰাইফেডৰ পৃষ্ঠপোষকতাত আৰু শান্তি ক্ৰিয়েচনৰ পৰিচালনাত মাৰ্ঘেৰিটা মহকুমাৰ কেটেতং পঞ্চায়তৰ বৰফাকে গাঁৱৰ টাই ফাকে মহিলাসকলৰ মাজত এক দুই মহীয়া প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হৈছিল।