গোৰেশ্বৰ: শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ দৰে নকল কৰিবলৈ সুবিধা নোপোৱাৰ বাবে নহয়। ৰাজ্যত অন্তহীন সময় ধৰি চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী(এন আৰ চি) উন্নীতকৰণৰ কামত চৰকাৰী বিদ্যলয়সমূহৰ শিক্ষকসকল নিয়োজিত থকাৰ ফলতহে চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত লক্ষাধিক ছাত্ৰ-ছাত্ৰী অনুত্তীৰ্ণ হ’ল।
বাগ্সা জিলাৰ গোৰেশ্বৰ অঞ্চলৰ বিদ্যালয়সমূহৰ ফলাফলে হতাশ কৰি তুলিছে স্থানীয় ৰাইজক। বৃহত্তৰ অঞ্চলটোৰ বিশেষকৈ চৰকাৰী বিদ্যালয়সমূহৰ ফলামুঠ মুঠেও সন্তোষজনক নহয় । অৱশ্যে চৰকাৰী বিদ্যালয়ৰ তুলনাত ব্যক্তিগতখণ্ডৰ বিদ্যালয়সমূহৰ ফলাফল উন্নত হোৱা দেখা গৈছে যদিও চৰকাৰী বিদ্যালয়ৰ অনুন্নত ফলাফলৰ বাবে অভিভাৱকসকলে চৰকাৰকে জগৰীয়া কৰিছে।