68
পাঞ্জাবাৰীঃ বিশ্ব পৰিবেশ দিৱসৰ উপলক্ষত পৰিৱেশ নিকা আৰু সৰ্বাংগসুন্দৰ কৰাৰ উদ্দেশ্যে মহানগৰীৰ বশিষ্ঠ মন্দিৰ প্ৰাংগণত আজি চাফাই অভিযান চলায় অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ বেলতলা আঞ্চলিক সমিতিৰ শতাধিক সদস্যই।
মনোমোহা পৰ্যটনস্থলী হিচাপে গঢ় দিবলৈ বশিষ্ঠ মন্দিৰক অনাগত দিনতো নিকা আৰু সুন্দৰকৈ ৰখাৰ বাবে স্থানীয় ৰাইজক আহ্বান জনায় যুৱ-ছাত্ৰ পৰিষদৰ মহানগৰ সমিতিৰ সাধাৰণ সম্পাদক প্ৰদীপ মজুমদাৰে।