গহপুৰঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহবান মৰ্মে আজি গহপুৰ, নাৰায়ণপুৰ আৰু বিহপুৰীয়া আঞ্চলিক সমিতিয়ে কেইবাটাও দাবীৰ সমৰ্থনত তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসুচী পালন কৰে৷
পুৱা ১০ বাজি ৩০ মিনিটৰ পৰা সংগঠনটোৰ তিনিওটা আঞ্চলিক সমিতিয়ে অৱস্থান ধৰ্মঘাট কাৰ্যসূচী পালন কৰে। গহপুৰ, নাৰায়ণপুৰ আৰু বিহপুৰীয়া আঞ্চলিক সমিতিয়ে এখন শুদ্ধ নাগৰিকপঞ্জী উন্নীত কৰা, অসমত পূৰ্ণ স্বায়ত্ব শাসন প্ৰৱৰ্ত্তন কৰা, দ্বি-নাগৰিকত্ব আৰু আন্তঃৰাজ্যিক পাৰ পত্ৰৰ ব্যৱস্থা কৰাৰ দাবী জনায় কেন্দ্ৰ-ৰাজ্য চৰকাৰক৷