ডিজিটেল ডেস্কঃ উচিত মূল্য বিচাৰি আৰু ঋণ ৰেহায় দিয়াৰ দাবী জনাই মধ্যপ্ৰদেশৰ মন্দাসুৰ জিলাত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা কৃষকলৈ আৰক্ষী আৰু চিআৰপিএফে চলোৱা গুলিবৰ্ষণত ৪ জনকৈ কৃষক নিহত হোৱাৰ লগতে ভালেকেইজন প্ৰতিবাদকাৰী আহত হয়৷
উত্তেজিত বিক্ষোভকাৰীৰ দলটোৱে গাড়ী-মটৰত অগ্নিসংযোগ কৰি আইন-শৃংখলাজনিত পৰিস্থিতিৰ উদ্ভৱ কৰাৰ ফলতেই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ এনেদৰে গুলিচালনা কৰিবলৈ বাধ্য হোৱা বুলি ৰাজ্যখনৰ গৃহ মন্ত্ৰী ভূপেন্দ্ৰ সিঙে জনায়৷ পৰিস্থিতি বিপদসংকূল হৈ পৰা দেখি আৰক্ষীয়ে সহায়ৰ বাবে মোতায়েন কৰা চিআৰপিএফে হে গুলিচালনা কৰা বুলি গৃহমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে৷