52
হোজাইঃ ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে ধৰ্ষণৰ ঘটনা। সৌ সিদিনা হোজাই জিলাৰ যমুনামুখত এগৰাকী শিক্ষয়িত্ৰীক ধৰ্ষণ কৰি হত্যা কৰা ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই পুনৰ সংঘটিত হৈছে আন এক চাঞ্চল্যকৰ ধৰ্ষণৰ ঘটনা৷
এইবাৰ নিজৰ বিয়ৈকেৰ হাতত ধৰ্ষিতা হ’ল তিনি সন্তানৰ এগৰাকী মাতৃ৷ প্ৰাপ্ত বাতৰি মতে, হোজাই থানাৰ অন্তৰ্গত দক্ষিণ গোলাঘটীয়া বস্তিৰ এই মহিলাগৰাকীক তেওঁৰ বিয়ৈ স্বপন দাসে দাবী ধমকি প্ৰদান কৰি বলপূৰ্বক ধৰ্ষণ কৰি আহিছিল৷