দৰংঃ ৰাজ্যত দুৰ্নীতি-অনিয়ম প্ৰৱল হৈ থকাৰ তথ্য পুনৰ ফাদিল হ’ল। দৰং জিলাৰ আন্ধেৰিঘাট বামুনঝাৰ পান্দাঘাট ভেৰুৱা হৈ দুনীলৈ আহিব পৰা ভকত পৰা পান্দাঘাট পথটো নিৰ্মাণৰ তিনিমাহো হোৱা নাই যদিও পথটো খহিবলৈ আৰম্ভ কৰিছে ।
গড়কাপ্তানী বিভাগৰ অধীনৰ এই পথটি নিৰ্মাণৰ দায়িত্বত থকা ঠিকাদাৰে অতি নিম্ন মানৰ সামগ্ৰীৰে নিৰ্মাণ কৰা বুলি ৰাইজে বিভাগীয় কৰ্তৃপক্ষক আৱেদন জনাইছে যদিও বিভাগীয় কতৃপক্ষই এতিয়ালৈকে কোনো ধৰণৰ তদন্ত বা নিৰীক্ষণ কৰা নাই। উক্ত পথৰে কামৰূপ, বাগিচা অাদিৰ পৰা মঙলদৈলৈ নিতৌ অহা যোৱা কৰে বহু লোকে ।