73
ডিজিটেল ডেস্কঃ ভাগৰ লগাত শুই পৰিছিল বিনোদ নায়ক। নিশাৰ মহানগৰীত টেক্সি চলাই নায়কে। হঠাৎ এগৰাকী যুৱতীৰ আৰ্তনাদ শুনি টোপনি ভগি যায় তেওঁৰ। ধহমহকৈ উঠি বহি তেওঁ দেখে যে তিনিজন মদাহী যুৱকে জোৰ কৰি এগৰাকী যুৱতীক আন এখন গাড়ীত উঠোৱাৰ চেষ্টা কৰিছে।
সময় তেতিয়া শেষ নিশা। এজন যাত্ৰীক নমাই থৈ গাড়ীতেই বিশ্ৰাম লৈছিল উবেৰ চালক নায়কে। কিন্তু সেই দৃশ্য দেখি মনে মনে শুই থাকিব নোৱাৰিলে তেওঁ।