64
ডিজিটেল ডেস্কঃ দিল্লীত যাত্ৰা কৰোতে সাৱধান হওঁক মহিলাৰ পৰা৷ কাৰণ মেট্ৰ’ ৰেলৰ পৰা বজাৰ সকলোতে পিয়াপি দি ফুৰিছে মহিলা পকেটমাৰে৷
কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ সমীক্ষাত প্ৰকাশ পোৱামতে মহানগৰখনৰ পকেটমাৰ সম্পৰ্কীয় ঘটনাৰ লগত জড়িতসকলৰ শতকৰা নব্বৈ ভাগেই মহিলা৷ সাধাৰণতে দলবদ্ধ গোটত পৰিকল্পনা কৰে এই পকেটমাৰ মহিলাই। সৰু ল’ৰা-ছোৱালীও লগত লৈ ফুৰে দলটোৰ কেতবোৰ সদস্যই।