ডিজিটেল ডেস্কঃ পৃথক গোৰ্খালেণ্ডৰ দাবীত উত্তাল হৈ পৰিছে পশ্চিমবংগৰ দাৰ্জিলিং। শনিবাৰে গোৰ্খা জনমুক্তি মৰ্চাৰ প্ৰতিবাদকাৰী সদস্য আৰু নিৰাপত্তাৰক্ষীৰ মাজত হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ ফলত ৰক্তাক্ত হৈ পৰে শান্ত-সমাহিত পাৰ্বত্য অঞ্চলটো। মৰ্চাৰ একাংশ কৰ্মীয়ে উগ্ৰ ৰূপ ধাৰণ কৰি আই আৰ বিৰ এজন জোৱানৰ ডিঙি কাটি দিয়ে। বৰ্তমান সংকটজনক অৱস্থাত কিৰণ তামাং নামৰ জোৱানজনক শিলিগুড়িৰ এখন চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।
প্ৰথম অৱস্থাত কিৰণ তামাং নিহত হোৱা বুলি স্থানীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছিল। সংবাদ মেলত জোৱানজনৰ মৃত্যু হোৱা বুলি শোকো ব্যক্ত কৰিছিল মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। পিছত অৱশ্যে সেই খবৰ ভুল আছিল বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী মমতাই।