বিশ্বনাথ চাৰিআলিঃ বিশ্বনাথ চাৰিআলিৰ বীণাপানি নাট্য মন্দিৰ প্ৰাংগনত আজি কংগ্ৰেছে প্ৰৱঞ্চনা বিৰোধী দিৱস পালন কৰে। কংগ্ৰেছ নেতা কমল শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই প্ৰবঞ্চনা বিৰোধী দিৱসত উপস্থিত থাকে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন৷
প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে দৈনিক প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধি, বিদেশী বহিস্কাৰ কৰাৰ পৰিৱর্তে হিন্দু বাংলাদেশীক সংস্থাপন কৰি খোজা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি বিজেপিক তীব্ৰ সমালোচনা কৰে। হিন্দী চিনেমা ‘অন্ধা কানুন’ৰ উদ্ধৃতি দি ৰাণা গোস্ৱামীয়ে বিজেপি চৰকাৰক সমালোচনা কৰে।