ৰঙিয়াঃ বিগত বৰ্ষসমূহৰ দৰে এইবাৰো বাৰিষা অহাৰ লগে লগে কৃত্ৰিম বানত বুৰ গৈছে কামৰূপ গ্ৰাম্য জিলাৰ অন্যতম কেন্দ্ৰস্থল ৰঙিয়া চহৰ। ৫৭ নং ৰঙিয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত চহৰখনৰ বাট-পথসমূহ সাধাৰণ বৰষুণতে পানীৰে উপচি পৰাত যাতায়তৰ ক্ষেত্ৰত জীয়াতু ভুগি আহিছে সৰ্বসাধাৰণে।
চহৰখনত কেবাজনো ৰাজনৈতিক নেতাৰ লগতে জাতীয় সংগঠনৰো কেবাজনো শীৰ্ষ নেতাই বাস কৰাৰ পিছতো কৃত্ৰিম বানৰ দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান নোহোৱাত আশ্চৰ্ষ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। নেতাসকলৰ কৰ্ম-কুশলতাৰ লগতে চহৰখনৰ প্ৰতি সদিচ্ছাৰ মনোভাৱ আছে নে নাই সেই লৈয়ো ৰঙিয়াবাসীৰ মাজত প্ৰশ্ন উত্থাপিত হৈছে।