48
মাৰ্ঘেৰিটাঃ গোৰ্খা ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ অন্তৰ্গত পেঙেৰী আঞ্চলিক সমিতিয়ে আজি অঞ্চলটোৰ ৫০ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায়৷
পেঙেৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাখন তিনিচুকীয়া জিলা গোৰ্খা পৰিসংঘৰ সভাপতি লোকনাথ নেৱাৰৰ সভাপতিত্বত অনুষ্ঠিত হয়৷ সভাত উদ্দেশ্য ব্যাখ্যা কৰে পেঙেৰী আঞ্চলিক সমিতিৰ সভাপতি সুভাষ তামাঙে।