মঙলদৈঃ মঙলদৈ চহৰৰ এখন অন্যতম প্ৰতিষ্ঠিত বিদ্যালয় মঙলদৈ টাউন হাইস্কুলৰ চৌহদ আজি জলমগ্ন হৈ পৰাত বিদ্যালয় কৰ্তৃপক্ষই দ্বিতীয় গোট মূল্যায়ন পৰীক্ষা সময়মতে অনুষ্ঠিত কৰিব নোৱাৰিলে। বিগত কেবাদিন ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত চহৰৰ একাংশৰ লগতে মঙলদৈ টাউন হাইস্কুলৰ চৌহদো জলমগ্ন হৈ পৰে।
এনে পৰিস্থিতিত ছাত্ৰ-ছাত্ৰীসকল একাঠু পানীৰ মাজেৰে শ্ৰেণীকোঠাত উপস্থিত হোৱাটো প্ৰায় অসম্ভৱ হৈ পৰাত উপায়ন্তৰ হৈ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীয়ে আজি ওচৰতে থকা বি.এড কলেজলৈ গোট মূল্যায়নৰ পৰীক্ষাসমূহ স্থানান্তৰিত কৰিবলৈ বাধ্য হৈ পৰে ।