গোৰেশ্বৰঃ বাক্সা জিলা যুৱ-ভাৰত উদ্যোগত আৰু পতঞ্জলি যোগ সমিতি, ভাৰত স্বাভিমান ন্যাস, মহিলা পতঞ্জলি যোগ সমিতি, কিষাণ সেৱা সমিতি, গোৰেশ্বৰ আঞ্চলিক পতঞ্জলি যোগ সমিতি, গোৰেশ্বৰ মহাবিদ্যালয় এনচিচি গোটৰ সহযোগত গোৰেশ্বৰ মহাবিদ্যালয় প্ৰাংগণত ২৫ দিনীয়া সহ-যোগ শিক্ষক প্ৰশিক্ষণ শিবিৰৰ আজি সফল সামৰণি পৰে।
যোৱা ২৬ মে’ৰ পৰা গোৰেশ্বৰ মহাবিদ্যালয় প্ৰেক্ষাগৃহত চলি থকা সহ-যোগ শিক্ষক প্ৰশিক্ষণ শিবিৰৰ সামৰণি অনুষ্ঠান আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। পুৱা ৪-৩০ বজাত বন্তি প্রজ্বলনৰে যোগ-প্ৰণায়মৰ শুভাৰম্ভ কৰা হয়। অন্তিম দিনৰ যোগ শিবিৰ পৰিচালনা কৰে পতঞ্জলি যোগ সমিতি, অসমৰ সংবাদ প্ৰভাৰী ৰাজু শৰ্মাই। আঠ বজাত যোগ প্ৰণায়মৰ সামৰণিৰ পিছত পৰিৱেশ নিকাকৰণৰ কৰা হয়।