72
খাৰুপেটীয়াঃ দীৰ্ঘদিন ধৰি অৰণ্যত সন্ত্ৰাস চলাই থকা ৩ জনকৈ চোৰাং চিকাৰী আৰক্ষীৰ জালত পৰে। ধৃত চোৰাং চিকাৰী কেইটা হৈছে সহৰ আলী, নবী হুছেইন আৰু মইনুল হক।
দৰঙৰ ধূলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিত হাজৰিকাই এক গোপন সূত্ৰৰ পম খেদি দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত ৰঙাগড়া পথাৰ গাঁৱৰ পৰা তিনিওজনক আটক কৰিবলৈ সক্ষম হয়।