74
কামপুৰঃ সুন্দৰী যুৱতী-মহিলাই মিঠা মাতেৰে অপোনাক লগ পাব বিচাৰিলে সাৱধান৷ কিয়নো মৌ-বৰষা সেই মাত আপোনাৰ প্ৰতি থকা আগ্ৰহ আৰু আকৰ্ষণৰ বাবে নহয়। মৌ-বৰষা তেনে মাতৰ আঁৰত নিহিত হৈ আছে আপোনাৰ দামী গাড়ীখন চুৰি কৰাৰ স্বাৰ্থ।
মিঠা মাতেৰে মোহিত কৰি মাতি নি তেনে যুৱতী-মহিলাই আপোনাক গতাই দিব গাড়ী চুৰৰ চক্ৰৰ হাতত। গাড়ী চুৰিৰ সৈতে জড়িত এগৰাকী মহিলাক আটক কৰাৰ পিছতে পোহৰলৈ আহিছে হিন্দী কথাছবিৰ দৰে এক কাহিনী।