মুকালমুৱাঃ দুৰ্নীতি-অনিয়ম উদঙোৱা সাংবাদিক অথবা সমাজকৰ্মী অসাধুৰ দ্বাৰা নিগ্ৰহৰ বলি হোৱা ঘটনা ভাৰতত বিৰল নহয়। সম্প্ৰতি এনে এক ঘটনা সংঘটিত হৈছে নলবাৰী জিলাত। দুৰ্নীতি-অনিয়ম তথা বিভিন্ন অভিযোগৰ বাতৰি প্ৰকাশ কৰাৰ ক্ষোভত নলবাৰীৰ বৰক্ষেত্ৰীৰ এজন জেষ্ঠ সাংবাদিকৰ বিৰুদ্ধে বৰক্ষেত্ৰীৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াই মুকালমুৱা আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰাৰ তথ্য পোহৰলৈ আহিছে।
প্ৰাপ্ত অভিযোগ অনুসৰি, যোৱা ১২ জুনৰ দিনৰ ২ বজাত বৰক্ষেত্ৰীৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত একাংশ শিক্ষকে দীৰ্ঘদিন ধৰি দৰমহা লাভ নকৰা তথা এই ক্ষেত্ৰত শিক্ষা বিষয়াজনে বিশেষ গুৰুত্ত্ব নিদিয়াৰ বাবে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছিল ।