71
টিংখাংঃ এজোপা ওখ গছৰ ওপৰত উঠি জিৰণি লৈ আছিল এটা প্ৰকাণ্ড নাহৰ ফুটুকী বাঘে। বাঘটোৱে কৌতুহল সৃষ্টি কৰে টিংখাঙৰ শিশুমৰা গাঁৱত । যাদব বৰুৱা নামৰ এজনৰ ঘৰৰ বাৰীৰ গছৰ ওপৰত উঠি জিৰণি লৈ থকা বাঘটোক লোকজনে প্ৰত্যক্ষ কৰা পাছতে ওচৰ-পাজৰৰ শৰো অধিক লোক উলাই আহে বাঘ চাবলৈ।
খবৰ ভিত্তিত স্থানীয় আৰক্ষী আৰু খোৱাং বন সংমণ্ডলৰ বিষয়া সহ বন কৰ্মী দল উপস্থিত হয়। যদিও প্ৰায় ৫০-৬০ ফুট ওখ গছজোপাৰ ওপৰত থকা বাঘটোক নীৰৱ দৰ্শক হৈ চাই থাকিব লগা হয়।