তিনিচুকীয়া: শিৰোনাম দেখি আপুনি নিশ্চয় আচৰিত হৈছে নহ’বই বা কিয় ? একাংশ লোকে নিৰীহ জন্তু গৰুক ৰাজনৈতিক জন্তুত পৰিণত কৰাক লৈ এই বাতৰি নহয় ৷ নহয়, কোনো গো-ৰক্ষকে বিভিন্ন কাৰণত গৰুক সুৰক্ষাৰ্থে লোৱা কোনো বিশেষ উদ্যোগ ৷
তিনিচুকীয়া জিলাৰ অসম -অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী অঞ্চল ডিৰাক চাৰিআলিত ২০১৪ চনতে পিছপৰা অঞ্চলটোৰ যুৱক-যুৱতীসকলক ঔদ্যোগিক ক্ষেত্ৰখনৰ স’তে পৰিচয় কৰাই দিয়াৰ উপৰি বহিঃৰাজ্যৰ যুৱক-যুৱতীসকলৰ সৈতে সমানে ফেৰ মাৰিব পৰাকৈ প্ৰশিক্ষণ প্ৰদান কৰি বিভিন্ন ক্ষেত্ৰত নিয়োগ লাভ কৰাৰ লগতে আৰ্থিকভাৱে স্বচ্ছল তথা স্বাৱলম্বী হ’ব পৰাকৈ এটি ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰা হয় ৷