61
ডিজিটেল ডেস্কঃ সম্ভৱতঃ পিত বস্ত্ৰধাৰী সাধু-সন্যাসীয়েই এইবাৰো হব লাগিব অম্বুবাচী মেলাৰ ব্ৰেণ্ড এম্বেছাডৰ। কিয়নো নীলাচলৰ বুকুৰ এই পৱিত্ৰ পৰ্বৰ বিষয়ে বিশ্বক জনাবলৈ সময় নাই অসমৰ চৰকাৰে নিযুক্ত কৰা চেলিব্ৰিটী ব্ৰেণ্ড এম্বেছাডৰৰ।
ৰাজ্যৰ পৰ্যটনৰ প্ৰচাৰৰ বাবে চৰকাৰে দায়িত্ব দিয়া উচ্ছল যৌৱনা অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা অতিশয় ব্যস্ত। সাত সাগৰ তেৰ নদীৰ সিপাৰেও যশস্যা অৰ্জন কৰা অভিনেত্ৰীগৰাকী এতিয়া আছে আমেৰিকাত।