Home ৰাজ্যতৰুণ-মনীষ নহয়, টেম্পাহে এভাৰেষ্ট জয়ী প্ৰথম অসমীয়া

তৰুণ-মনীষ নহয়, টেম্পাহে এভাৰেষ্ট জয়ী প্ৰথম অসমীয়া

by News Desk
183 views
A+A-
Reset

ডিজিটেল ৰিপ’ৰ্টঃ পৃথিৱীৰ সুউচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া বুলিলে আমি তৰুণ শইকীয়া আৰু আৰু মনীষ কুমাৰ ডেকা বুলিয়েই জানো। কিন্তু প্ৰকৃততে সেয়া সত্য নহয়। ২০০৮ চনৰ ২২ মে’তেই বিটিএডিৰ বাগছা জিলাৰ দৰংগামেলাৰ কুঞ্চক টেম্পা নামৰ অসমীয়া পৰ্বতাৰোহীগৰাকীয়ে মাউণ্ট এভাৰেষ্টত ভৰি থৈ বিজয়ধ্বজ্জা হিচাপে উৰুৱাইছিল অসমীয়াৰ চেনেহৰ গামোচাখন। ইয়াৰ ৫ বছৰ পিছত ২০১৩ চনত এভাৰেষ্টত ভৰি থৈছিল তৰুণ-মনীষে।

কুঞ্চক টেম্পাই যে প্ৰথম অসমীয়া যিয়ে এভাৰেষ্টৰ বুকুত গামোচা উৰুৱাইছিল সেই সত্য জানিও ৰহস্যজনক কাৰণত অসম পৰ্বতাৰোহণকাৰী সংস্থাই এতিয়ালৈকে কুঞ্চক টেম্পাক মাউণ্ট এভাৰেষ্ট বগোৱা প্ৰথম অসমীয়া বুলি ঘোষণা কৰা নাই তথা স্বীকৃতি প্ৰদান কৰা নাই। ১৯৪৮ চনতে অৰুণাচলৰ পৰা অসমলৈ আহি স্থায়ী বসতি আৰম্ভ কৰা কুঞ্চকৰ পৰিয়ালটো প্ৰকৃততে হাড়ে হিমুজুৱে অসমীয়া হৈ পৰে। কুঞ্চক টেম্পাই দৰংগামেলাতে স্কুলীয়া শিক্ষা সমাপ্ত কৰি সেনাবাহিনীত ভৰ্তি হয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0