ডিজিটেল ডেস্কঃ মোডীৰ মিডনাইট চিলড্ৰেনে ভাৰতীয় অৰ্থনীতিত বহু প্ৰত্যাশিত সংস্কাৰ আনিবলৈ সক্ষম হ’বনে- এই লৈয়ে দেশৰ অৰ্থনীতিবিদৰ পৰা আৰম্ভ কৰি ব্যৱসায়ী, চৰকাৰী পক্ষৰ পৰা আৰম্ভ কৰি বিৰোধী দলৰ নেতাৰ মাজত চলা আলোচনা-সমালোচনাই দেশখনত আজিৰ তাৰিখত প্ৰমুখ বিষয় হৈ পৰিছে৷
এই মিডনাইট চিলড্ৰেনজন হৈছে ভাৰতীয় অৰ্থনীতিৰ কৰৰ ক্ষেত্ৰত ঐতিহাসিক সংস্কাৰৰ উদ্দ্যেশ্যৰে আজি ৰাতি ১২ বজাৰ পিছতেই কাৰ্যকৰ হ’ব লগা সামগ্ৰী আৰু সেৱা কৰ৷ স্বাধীন ভাৰতৰ কৰ সংশোধনীৰ সৰ্ববৃহৎ পদক্ষেপ হিচাবে চৰ্চিত এই আইনখন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে প্ৰধানমন্ত্ৰী মোডীকে ধৰি অইন মন্ত্ৰী পৰিষদীয় সদস্যৰ উপস্থিতিত আজি মাজনিশাৰ পৰা কাৰ্যকৰী কৰিব৷