ওদালগুৰি: বৃহস্পতিবাৰে ঘোষিত এপিএছচিৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত উজলিল ওদালগুৰিৰ নয়নজ্যোতি পাঠক(২৮)। ওদালগুৰিৰ সুন্দৰীদিয়া পট্টিৰ বাসিন্দা স্বৰ্গীয় ৰত্নকান্ত পাঠক আৰু স্বৰ্গীয় ললিতা পাঠকৰ জেষ্ঠ্য পুত্ৰ নয়নজ্যোতিয়ে সদ্য ঘোষিত এপিএছচিৰ ফলাফলত ভূমি আৰু ৰাজহ সেৱাত ১১নম্বৰ স্থান দখল কৰিবলৈ সক্ষম হয়।
ওদালগুৰিৰ চিক্ৰেট হাৰ্ট ইংলিছ স্কুলৰ পৰা হাইস্কুলীয়া শিক্ষা লাভ কৰা নয়নজ্যোতিয়ে ২০০৭চনত ওদালগুৰি এছবোফ’ৰ্ড একাডেমীৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈছিল।