57
গোগামুখঃ জীয়াধল নৈ ফেনে ফোটোকাৰে বাঢ়ি অহাত ধেমাজি জিলাৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ চমৰাজানৰ কুমটিয়া দলঙৰ অংশটো যিকোনো মুহূৰ্ততে ছিঙি যোগাযোগ ব্যাহত হ’ব পাৰে৷
ৰেলপথ আৰু ৰাষ্ট্ৰয় ঘাইপথৰ মাজত থকা গাইড বান্ধৰ ওপৰেৰে পানী বাগৰাৰ ফলতে যিকোনো মুহূৰ্ততে যোগাযোগ বিচ্ছিন্ন হোৱাৰ আশংকা কৰিছে ৰাইজে৷ ধেমাজি জিলাৰ ১৫ নং ৰাষ্ট্ৰ ঘাইপথৰ চমৰাজানৰ কুমটিয়া দলঙৰ অংশটো অধিক ভয়াৱহ হৈ পৰাত একপ্ৰকাৰ আতংকিত হৈ পৰিছে ৰাইজ।