গোৰেশ্বৰঃ ভেন্সাৰ শিক্ষকসকলক চাকৰি দিবৰ বাবে নহয়, শিক্ষকসকলক চাটাই কৰিবলৈহে পদ প্ৰাদেশিকীকৰণ বিল ২০১৭ গৃহীত কৰা হৈছে। এই মন্তব্য অসম শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চৰ সভাপতি কুশল হালৈৰ। আজি বাক্সা জিলাৰ গোৰেশ্বৰৰ বেঙেনাহাটী উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণত বিটিচি শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চৰ সভাপতি বুদ্ধিৰাম ব্ৰহ্মৰ সভাপতিত্বত অনুষ্ঠিত বিটিচি শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চৰ এখন সাধাৰণ সভাত উপস্থিত থাকি অসম শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চৰ সভাপতি কুশল হালৈয়ে এনেদৰে কয়।
২০১১ চনৰ পদ প্ৰাদেশিকীকৰণ বিল আৰু সংশোধনী ২০১২ আৰু ২০১৩ অধীনত যিখিনি পদ প্ৰাদেশিকীকৰণ হৈ গ’ল তাৰ পিছত ৰৈ যোৱা বিশেষকৈ সাত বছৰীয়া যোগ্যতা প্ৰাপ্ত ভেন্সাৰ শিক্ষকৰ পদ প্ৰাদেশিকীকৰণক লৈ এতিয়াও সকলোকে অন্ধকাৰতে ৰাখি থোৱা হৈছে বুলি হালৈয়ে অভিযোগ উত্থাপন কৰে ৰাজ্য চৰকাৰৰ বিৰুেদ্ধে। চৰকাৰৰ সদ্দিচ্ছাৰ অভাৱতে বিষয়টোৱে আজিলৈ কোনো সঠিক গতি লাভ কৰা নাই।