ডিজিটেল ৰিপ’ৰ্টঃ ছয় জনগোষ্ঠীৰ প্ৰতিবাদী গোজৰণিত একপ্ৰকাৰ স্তব্ধ হৈ পৰিছে অসম। জনগোষ্ঠীকেইটাৰ জনজাতিকৰণ দাবীত ছয় জনগোষ্ঠীয় ঐক্য মঞ্চই আজি পুৱা ৫ বজাৰ পৰা আহ্বান জনোৱা ১২ ঘন্টীয়া অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে।
ধেমাজিঃ ধেমাজিত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ। প্ৰাপ্য দাবীয়ে অচল কৰিছে ধেমাজিৰ বাট-পথ। বন্ধ হৈ পৰিছে অভয়াপুৰীৰ দোকান পোহাৰ ৷ সম্পুৰ্ন ভাবে বন্ধ হৈ পৰিছে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যান-বাহনৰ চলাচল৷ বন্ধৰ সময়ছোৱাত যাতে কোনো অপ্ৰীতিকৰ পৰিস্তিতি নহয় তাৰ বাবে প্ৰশাশনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে৷