ওৰাংঃ বন্ধ নামানে পানীৰ মাছে৷ মানুহৰ বাবেহে এই বন্ধ৷ পথত জমা হোৱা পানীৰ মাছ ক’লৈ যাব৷ পথত জমা হোৱা পানীত থকা সংগঠনৰ বন্ধ নমনা মাছ মাৰি বন্ধৰ আমেজ ললে জনগোষ্ঠীয় যুৱকে৷ ৰাজপথত জমা হোৱা পানীত কাৱৈ, পুঠি, খলিহনা বিচাৰি জাল মাৰি বহুতে বন্ধৰ আমেজ ল’লে ওৰাঙত।
জনগোষ্ঠীয় ঐক্য মঞ্চই জনজাতিকৰণৰ দাবীত ঘোষণা কৰা অসম বন্ধত নিস্তব্ধ হৈ পৰা ৰাজপথত জনগোষ্ঠীয় যুৱকে জাল মাৰি ধৰিলে কাৱৈ, পুঠি, খলিহনা। উল্লেখ্য যে, ওৰাঙৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এজাক বৰষুণতে একাঠু পৰ্যন্ত পানী জমা হয়। এই দুৰ্যোগক সুযোগলৈ পৰ্যবসিত কৰি পথাৰৰ পানী আৰু পথৰ পানী একাকাৰ হৈ পৰাত পথলৈ মাছ উঠি অহা প্ৰত্যক্ষ কৰি বহুলোকে পথতে ধৰিলে মাছ।