কোকৰাঝাৰঃ জনজাতিকৰণৰ দাবীত আজি জনগোষ্ঠীয় ঐক্যমঞ্চই আহ্বান জনোৱা ১২ ঘণ্টীয়া অসম বন্ধৰ সময়ছোৱাত কোকৰাঝাৰ জিলাত কেবাটাও বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে। জিলাখনৰ ধুবুৰী বিলাসীপাৰা পথৰ শিলগাৰাত এখন হুণ্ডাই এচেণ্ট গাড়ীত বন্ধ সমৰ্থনকাৰীয়ে আক্ৰমণ চলাই ভস্মীভূত কৰাৰ লগতে জিলাখনৰ ফকিৰাগ্ৰাম আৰু শক্তিআশ্ৰমৰ ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ বন্ধ সমৰ্থনকাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে।
উল্লেখ্য যে আজি বন্ধৰ সময়ছোৱাতে ধুবুৰীৰ পৰা কোকৰাঝাৰ অভিমুখী এএছ ১৭ ই ৫৪৭৩ নম্বৰৰ হুণ্ডাই এচেণ্ট গাড়ীখনক বন্ধ সমৰ্থকে শিলগাৰাত আগচি ধৰে আৰু চালকক বাহিৰ কৰি মাৰপিট কৰে। গাড়ীখনত যাত্ৰী হিচাপে থকা ধনৰাজ চৌধুৰীকো বন্ধ সমৰ্থনকাৰীসকলে দাবী ধমকি দিয়ে আৰু তাৰপিছত বন্ধ সমৰ্থনকাৰীসকলে গাড়ীখনত পেট্ৰল ঢালি জুই লগাই দিয়াত গাড়ীখন দাউ দাউকৈ জ্বলি উঠে। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও বাতৰি লিখা পৰলৈকে গাড়ী জ্বলোৱা ঘটনাৰ সৈতে জড়িত দুষ্কৃতিকাৰীক কৰায়ত্ব কৰিবলৈ সমৰ্থ হোৱা নাই।