বাহাকাবাৰীঃ নগাঁও জিলাৰ কচুৱাৰ এজন এজন যুৱক যোৱা ১১ দিন ধৰি চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ পৰা সন্ধানহীন হৈ আছে৷ নাগালেণ্ডৰ বিহুগড়ত এটা পাথৰ কুৱেৰীত কৰ্মৰত আছিল ছাইফুল ইছলাম নামৰ সন্ধানহীন যুৱকজন।
যোৱা ২৩ জুনৰ পৰা পৰিয়ালৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ আছে ছাইদুলৰ। জানিব পৰা মতে, প্ৰতিদিনে সন্ধিয়া এবাৰ ঘৰলৈ ফোন কৰিছিল যুৱকজনে। কিন্তু ২৩ জুনৰ দিনা ফোন নকৰাত পৰিয়ালৰ লোকসকল উদ্বিগ্ন হৈ পৰে। পৰিয়ালৰ লোকসকলে কেবাবাৰো ফোনযোগে যোগাযোগ কৰিবলৈ চেষ্টা কৰে যদিও ফোন ছুইটচ অফ পায়।