ডিমাকুছিঃ বনৰীয়া হাতীক কলগছ যোগান ধৰিছে কেইজনমান লোকে৷ হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে এই প্ৰশংসনীয় কাম কৰিছে ওদালগুৰি জিলাৰ টংলাৰ গৰুৱাঝাৰ ননৈ চেৰফাং প্ৰগতি চ’ছাইটি নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে৷
ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী গৰুৱাঝাৰ অঞ্চলত বছৰ বছৰ ধৰি অব্যাহত আছে হাতী মানুহৰ সংঘাত। ভূটান পাহাৰৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহি জীৱ শ্ৰেষ্ঠ মানৱৰ সৈতে প্ৰত্যক্ষ সংঘাতত লিপ্ত হয় বন্যহস্তী। বন্যহস্তী শ শ লোকৰ প্ৰাণ লোৱাৰ লগতে খেতি পথাৰ তহিলং কৰাৰ লগতে বহু মানুহৰ ঘৰ-দুৱাৰ ভাঙি লণ্ডভণ্ড কৰি আহিছে।