মোৰাঝাৰঃ বিদ্যুতৰ সঘন লুকা-ভাকুত অতিষ্ঠ হোজাই জিলাৰ যমুনামুখ সমষ্টিৰ মোৰাঝাৰ দেৱস্থান অঞ্চলৰ ৰাইজে প্ৰতিবাদত নমাৰ হুংকাৰ প্ৰদান কৰিছে। দিনটোৰ ২৪ ঘন্টাৰ ভিতৰত তিনি ঘন্টাও বিদ্যুৎ যোগান ধৰিব নোৱাৰা বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে দেৱস্থানবাসী৷
দেৱস্থানৰ ৰাইজে বিদ্যুৎ যোগান নিয়মীয়া নকৰিলে শীঘ্ৰে প্ৰতিবাদত নমাৰ হুংকাৰ প্ৰদান কৰে৷ ইতিমধ্যে অতিষ্ঠ লোকসকলে হোজাই জিলাৰ উপায়ুক্ত আৰু বিভাগীয় কৰ্তপক্ষক পৃথকে পৃথকে স্মাৰক পত্ৰ প্ৰদান কৰি বিদ্যুৎ যোগান নিয়মীয়া কৰাৰ দাবী জনাইছে।