ডিজিটেল ৰিপ’ৰ্টঃ গৰুক ৰক্ষাৰ বাবে একাংশ লোকে লাঠি, জোং লৈ ৰাজপথত পহৰা দিয়ে৷ পহৰা দিয়াতেই ক্ষান্ত নাথাকি গো ৰক্ষাৰ নামত মানুহক হত্যা পৰ্য্যন্ত কৰিবলৈ কুণ্ঠাবোধ নকৰে এইসকল লোকে৷ অসমতো দেখিবলৈ পোৱা গৈছে এনে দুস্কৃতি।
অসমৰ যুৱকে গো ৰক্ষাৰ দৰে তৎপৰতা যদি ৰাজ্যখনৰ এশিঙীয়া গঁড়ৰ লগতে বন্যহস্তী ৰক্ষাৰ বাবে ওলাই আহিলহেতেন তেন্তে হাতী আৰু বিখ্যাত এশিঙীয়া গঁড় কেইটাৰ অপমৃত্যু নহ’লহেতেন৷ প্ৰতিদিনে গঁড় হত্যা, হাতী হত্যাৰ বাতৰি প্ৰচাৰ হৈ থকাৰ মাজতে শোণিতপুৰত বানত উটি অহা দুটি হাতী পোৱালিক উদ্ধাৰৰ বাবে মানুহ ওলাই নহাত এইদৰে উদ্বেগ প্ৰকাশ কৰিছে কেবাজনো প্ৰকৃতিপ্ৰেমীয়ে।