ছিপাঝাৰঃ দৰং জিলাৰ ছিপাঝাৰত শ্ৰেণী কোঠা এৰি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত নামিল চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী। দীৰ্ঘদিনীয়া দাবী সত্বেও চৰকাৰে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি কৰিবলৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰাত এইদৰে প্ৰতিবাদত নামে ছাত্ৰ-ছাত্ৰীসকল।
উল্লেখ্য যে, ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হোৱা পুখুৰী সদৃশ গাঁতৰ বাবে সঘনাই দুৰ্ঘটনা সংঘটিত হৈ বৃহত্তৰ ছিপাঝাৰ অঞ্চলৰ কেইবাজনো লোকে অকালতে প্ৰাণ হেৰুৱাবলগীয়াত পৰিছে। চৰকাৰী-বেচৰকাৰী চাকৰিয়াল, ব্যৱসায়ী, ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিদিনে বিপদসংকূলভাৱে ৰাষ্ট্ৰীয় ঘাইপথৰে আহ-যাহ কৰিব লগীয়া হৈছে৷