50
ডিজিটেল ডেস্কঃ শত্ৰু ৰাষ্ট্ৰৰ ভাবুকিৰ সময়ত বিবাদত লিপ্ত হৈছে দেশৰ অাভ্যন্তৰীণ ৰাজনৈতিক নেতৃ্ত্ব। সীমাৰেখা অতিক্ৰম কৰি চীনা সৈন্য ক্ৰমশঃ আগবাঢ়ি অহাৰ পৰত স্পষ্ট হৈ পৰিছে অান্তঃদেশীয় কন্দলৰ জটিল ৰূপ।
শত্ৰু ৰাষ্ট্ৰই একপ্ৰকাৰ ছল পাইছে ভাৰতীয় ৰাজনীতিৰ বিভাজিত ৰূপৰ বাবে। সীমান্ত পাৰ হৈ ভাৰতীয় ভূমিত চীনৰ সৈন্যই শক্তি প্ৰদৰ্শন কৰাৰ সময়তে মুকলিকৈ অসন্তুষ্টি ব্যক্ত কৰিছে ছিকিমৰ মুখ্যমন্ত্ৰী পৱন চামলিঙে।