81
ডিজিটেল ডেস্কঃ বিকট শব্দ কৰা দুচকীয়া বাহনৰ দিন এতিয়া নাই। কিয়নো যুগৰ লগে লগে প্ৰযুক্তি সলনি হ’ল। নাইকিয়া হ’ল সেই কাণ ঘোলা কৰা ইঞ্জিনবোৰৰ বিকট শব্দ। শব্দ প্ৰদূষণৰ প্ৰতি মানুহ সচেতন হ’ল।
কিন্তু সলনি নহ’ল ৰয়েল এনফিল্ড। ৰয়েল এনফিল্ডৰ ডাগ্ ডাগ্ শব্দই তাহানিৰে পৰা পৰিচয় হৈ ৰ’ল এনফিল্ডধাৰীৰ শৌৰ্য্যৰ। সিমানখিনিটো ঠিকেই আছিল¸ কিন্তু একাংশ শৌৰ্যধাৰীৰ ইচ্ছাত সেই শব্দৰ লগত সংযোজিত হ’ল বিকট বিস্ফোৰণৰ শব্দ।