কোকৰাঝাৰঃ সদৌ কোকৰাঝাৰ জিলা নাথ যোগী ছাত্ৰ সন্থাৰ উদ্যোগত শুকুৰবাৰে কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ বালাজান তিনালীত অসমৰ বানপানীত প্ৰাণ হেৰুওৱা আৰু অমৰনাথ যাত্ৰাত সন্ত্ৰাসবাদীৰ হাতত প্ৰাণ হেৰুওৱা নিহতৰ আত্মাৰ সদ্গতিৰ বাবে বালাজান তিনালীত বন্তি প্ৰজ্বলন কৰে ।
বালাজান তিনালীত কোকৰাঝাৰ জিলা নাথ যোগী ছাত্ৰ সন্থাৰ উদ্যোগত নিহতৰ আত্মাৰ চিৰশান্তিৰ বাবে অনুষ্ঠিত হোৱা বন্তি প্ৰজ্বলন অনুষ্ঠানৰ পিছতে সদৌ বিটিচি নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথে বানপানীত মৃতকৰ সংখ্যা বঢ়াৰ বাবে চৰকাৰক দোষাৰোপ কৰে।