59
গুৱাহাটীঃ বিশ্ব যুৱ কৌশল দিৱস উপলক্ষে মৰিগাঁৱত ‘চেণ্টাম’-এ পিচিবি লাৰ্নিং এণ্ড ইনফ’টেক ছলিউশ্যনৰ সহযোগত যোৱা ১৫ জুলাইত যুৱচামৰ মাজত কৌশল বিকাশৰ প্ৰয়োজনীয়তা সম্পৰ্কে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰে।
পুৱা ১০ বজাত আয়োজন কৰা সজাগতামূলক ৰেলীত জিলাখনৰ ভালেসংখ্যাক ছাত্ৰ-ছাত্ৰীয়ে ভাগ লয়। তাৰ পিছে পিছে দুপৰীয়া ১২ বজাত ছাত্ৰ-ছাত্ৰীয়ে নিজৰ প্ৰতিভা চিনাক্তকৰণ আৰু বিকশিত কৰাৰ উদ্দেশ্যে আন এক কাৰ্যসূচী গ্ৰহণ কৰা হয়।