গোলাঘাটঃ পুনৰ বিতৰ্কলৈ আহিছে নুমলীগড় শোধনাগাৰৰ জৈৱ ইথানল প্ৰকল্প। ৰাইজৰ দাবীৰ অন্তত গোলাঘাট জিলাৰ নুমলীগড় শোধনাগাৰে জৈৱ ইথানল প্ৰকল্প নিৰ্মাণ সন্দৰ্ভত ৰাজহুৱা শুনানি অনুষ্ঠিত কৰিছিল যদিও শুনানিক অগণতান্ত্রিক আখ্যা দিছে নিখিল ভাৰত ছাত্ৰ ফেডাৰেছনে।
নিখিল ভাৰত ছাত্ৰ ফেডাৰেছনৰ গোলাঘাট জিলা সমিতিৰ সম্পাদক মানস বৰাই এক বিবৃতি যোগে এন আৰ এল কৰ্তৃপক্ষৰ স্বৈৰচাৰী নীতিক গৰিহণা দিয়ে। এন আৰ এলৰ শুনানিৰ জৰিয়তে অগণতান্ত্রিক আৰু সাধাৰণ জনসাধাৰণৰ বাক স্বাধীনতা খৰ্ব কৰা বুলি অভিযোগ কৰে।