50
মুকালমুৱাঃ পুঠিমাৰী নৈত আজি এটি প্ৰায় তিনি-চাৰি বছৰীয়া শিশুৰ মৃতদেহ উটি অহাত কামৰূপ জিলাৰ হাজোৰ বৰছলিত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
জানিব পৰা মতে হাজোৰ বৰছলি ১নং ভেলকৰ গাঁৱৰ মাজেৰে বৈ যোৱা পুঠিমাৰী নদীত শিশুটোৰ মৃতদেহ একাংশ লোকে প্ৰত্যক্ষ কৰি উদ্ধাৰ কৰে যদিও শিশুটোক চিনাক্ত কৰিব পৰা নাই৷