গ্ৰেট ব্ৰিটেইনৰ পৰা উভতি অহা অখিল এনামছেট্টী (ওপৰৰ ফটোত থকাজন) এলাহাবাদৰ গান্ধী হাস্পতালৰ আইছ’লেশ্যন ৱাৰ্ডত বিগত ১৩ দিনে চিকিৎসাধীন হৈ আছে। পেছাত অধিবক্তা অখিলৰ দেহত কৰ’না ভাইৰাছৰ উপস্থিতি পোৱা গৈছিল। 

ব্ৰিটেইনৰ পৰা ভাৰতলৈ অহাৰ সময়তেই অখিলে পালন কৰে এগৰাকী দায়িত্বশীল নাগৰিকৰ ভূমিকা। কৰ’নাৰ কোনো লক্ষণ নাথাকিলেও বিমানৰ পৰা নামিয়েই তেওঁ নিজেই কৰ'নাৰ টেষ্ট কৰাবলৈ চিকিৎসালয়লৈ আগবাঢ়ি যায়। 

মাৰ্চ মাহত ভাৰতলৈ অহাৰ পাছত ব্যক্তিগতভাৱে সকলো সামাজিক অনুষ্ঠান বাদ দিয়াৰ লগতে নিজৰ পৰিয়াল আৰু বন্ধুৰ লগত মিলামিছা কৰাৰ ক্ষেত্ৰতো তেওঁ সতৰ্কতা অৱলম্বন কৰে। ইউনিভাৰ্চিটি অৱ এডিনবৰাত হিউমেন ৰাইটছৰ পোষ্ট গ্ৰেজুৱেশ্যন কৰি থকা অখিলৰ দায়িত্ববোধে এতিয়া কৰ’না সংকটৰ সময়ত লাখ লাখ ভাৰতীয়ক অনুপ্ৰাণিত কৰা দেখা গৈছে।

সংবাদ প্ৰতিষ্ঠান বিবিচিৰ লগতে আন কেবাটাও টিভি চেনেল আৰু কাকতৰ সৈতে হোৱা অনলাইন সাক্ষাৎকাৰত তেওঁ কেনেকৈ ভাৰতলৈ আহিল, টেষ্ট কৰাৰ কথা কেনেকৈ মনলৈ আহিল, চিকিৎসালয়ৰ আইছ’লেশ্যন ৱাৰ্ডৰ অৱস্থা আৰু চিকিৎসা সেৱাৰ মানদণ্ড কেনে সেই সকলোখিনি ব্যক্ত কৰিছে অখিলে। বিবিচি হিন্দীত প্ৰকাশিত (মেইলযোগে প্ৰেৰণ কৰিছিল) তেওঁৰ কৰ’না ডায়েৰী NNOৰ পঢ়ুৱৈসকলৰ বাবে অসমীয়ালৈ অনুবাদ কৰিছে ঈশ্বৰ প্ৰসন্ন কোঁচে


"ব্ৰিটেইন চৰকাৰে প্ৰথম অৱস্থাত কোনো গুৰুত্ব দিয়া নাছিল

চীনত কৰ’নাই ভয়াৱহ ৰূপ ধাৰণ কৰি গ্ৰেট ব্ৰিটেইনত প্ৰথম প্ৰৱেশ কৰাৰ সময়ত দেশখনৰ চৰকাৰে তৎপৰত ব্যৱস্থা গ্ৰহণৰ পৰিৱৰ্তে নাগৰিকসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিতহে গুৰুত্ব আৰোপ কৰিছিল। কোনোধৰণৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ নকৰি এনে ধাৰণা পোষণ কৰাত ভাইৰাছবিধ অতি কম সময়ৰ ভিতৰতে বহু সংখ্যক লোকৰ মাজত সংক্ৰমিত হৈ পৰে।

বহু লোক সংক্ৰমিত হৈ পৰিলেও কিন্তু চৰকাৰে আশা কৰাৰ ধৰণে প্ৰতিৰোধ ক্ষমতা সৃষ্টি হোৱা দেখা নগ’ল। উপায়ন্তৰহীন হৈ শেষত চৰকাৰে ততাতৈয়াকৈ ক্লাব, ষ্টেডিয়াম, বিশ্ববিদ্যালয় আৰু একাধিক ব্যক্তি গোট খাব পৰা ঠাইসমূহ বন্ধ কৰি দিয়ে। পৰিস্থিতি অধিক বেয়াৰ ফালে গতি কৰাত ব্ৰিটিছ চৰকাৰে লকডাউন ঘোষণা কৰিবলৈ বাধ্য হয়।

কৰ’নাক লৈ গ্ৰেট ব্ৰিটেইনত লৰা-ঢপৰা লাগিবলৈ ধৰা সময়খিনিত ভাবিবলৈ লওঁ যে মই ব্ৰিটেইনতে থকাতো ভাল হ’ব নে ভাৰতলৈ উভতি যাম। তেতিয়াই ১৬ মাৰ্চত ভাৰত চৰকাৰে ১৮ মাৰ্চৰ পিছত ইউৰোপ আৰু ইংলেণ্ডৰ বিমান ভাৰতত পাদাৰ্পণ কৰিবলৈ দিয়া নহ’ব বুলি লোৱা সিদ্ধান্তৰ কথা জানিব পাৰো। লগে লগে আমাৰ সকলোৰে মন উগুল-থুগুল লাগিবলৈ ধৰে।

শংকিত হৈ ভাৰতলৈ অহাৰ বাবে সাজু 

আমি লগে লগে টিকট বুক কৰিলো। মোৰ ১৭ মাৰ্চত টিকট আছিল লণ্ডনৰ হিথ্ৰো এয়াৰপৰ্টৰ পৰা মুম্বাই হৈ হায়দৰাবাদলৈ। সংক্ৰমিত হৈছো নে নাই সেই লৈ মই নিজেই দোধোৰ-মোধোৰত আছিলো। কিন্তু মই যি কোনো পৰিস্থিতিৰ সন্মুখীন হ’বলৈ নিজকে মানসিকভাৱে প্ৰস্তুত কৰিছিলো। 

টিকট বুকিং কৰাৰ সময়ত মই মোৰ তেলেংগনাত থকা ঘৰৰ মানুহক কৈ দিছিলো যে টেষ্টৰ ৰিপ’ৰ্ট নহাৰ আগলৈকে কাকো লগ নধৰো। মই তেওঁলোকক হায়দৰাবাদলৈ মোক নিবলৈ তেওঁলোক অহাৰ প্ৰয়োজন নাই বুলি জনাই দিছিলো। মুম্বাইত থকা মোৰ বন্ধুসকলকো অনুৰূপ কথাকে কৈছিলো। মই ক’ভিড-১৯ৰ বিষয়ে যিমান পাৰো পঢ়িলো আৰু প্ৰয়োজনীয় সকলো সাৱধানতা মানিবলৈ আৰম্ভ কৰিলো।

ঘৰ নহয় হোটেল ঠিক কৰিলো

মই ১৯ মাৰ্চত হায়দৰাবাদ পালোহি। মোৰ ডিঙিত সামান্য সুৰসুৰণি অনুভৱ কৰিছিলো। সেয়ে বিমানৰ পৰা নামিয়েই ৰাজীৱ গান্ধী ইণ্টাৰনেচনেল এয়াৰপৰ্টত থকা স্বাস্থ্য পৰীক্ষা কেন্দ্ৰলৈ গ’লো। মই তেওঁলোকক মোৰ যাত্ৰাৰ সকলো কথা স্পষ্টকৈ কওঁ আৰু শৰীৰত যি অনুভৱ কৰিছো সকলো জনিবলৈ দিওঁ। তেওঁলোকে ক’লে যে মই এতিয়াই কোৱাৰেণ্টাইনত যোৱাৰ প্ৰয়োজন নাই, কেৱল পিছদিনা পুৱাই গান্ধী হাস্পতাললৈ গ’লেই হ’ল।

পাছদিনা পুৱালৈকে মই হোটেলত থকাৰ সিদ্ধান্ত লওঁ। হোটেলত থকা সময়ত মই মোৰ হোটেলৰ ৰুমলৈ কাকোৱেই সুমাবলৈ নিদিলো আৰু সম্পূৰ্ণ সজাগ, সচেতন হৈ নিশাটো কটালো। 

হাস্পতালৰ পৰিৱেশ

গান্ধী হাস্পতালৰ আইছ’লেশ্যনৰ পৰিবেশ সম্পূৰ্ণ স্বাভাৱিক। পৰিষ্কাৰ, মোৰ কেবিনত ভাল পোহৰ। ভেন্টিলেটৰৰ ভাল সুবিধা আছে। মই নিঃচিন্ত মনেৰে ইয়াত সম্পূৰ্ণ এক্তিভ হৈ থাকিব পাৰিব বুলি ভাবি মনটো ভাল লাগিল।

প্ৰতিদিনে বেডচিত আৰু মোৰ ৰোগীয়ে পিন্ধা পোছাক সলনি কৰে। মোক পেকেজড পানীৰ বটল দিয়া হৈছিল। পুৱা, দুপৰীয়া আৰু নিশাও পেকেজিং আহাৰ দিছিল। পুৱাৰ আহাৰৰ পাছতে সদায় চিকিৎসকে মোক চাবলৈ আহে। 

প্ৰকৃত হিৰো

যিমানবোৰ লোকক মই হাস্পতালত লগ পাইছো সকলোবোৰৰে লগত মোৰ বন্ধুত্ব গঢ়ি উঠিছে। এটা কথা জানি মোৰ মনটো বিষাদেৰে ভৰি পৰিছিল যে ইয়াত যিসকল ষ্টাফ আছে সকলোৱেই ঠিকাভিত্তিত কাম কৰি আছে। তেওঁলোকে দৰমহা পায় মাত্ৰ ৮ হাজাৰ টকা। আজিৰ তাৰিখত তেওঁলোকেই প্ৰকৃত  যোদ্ধা, ৰিয়েল হিৰো।

বন্ধু আৰু পৰিয়ালৰ অভাৱ 

এটা কথা সত্য যে বন্ধু আৰু পৰিয়ালৰ সদস্যসকলৰ অভাৱ বৰকৈ অনুভৱ কৰিছিলো। নিজৰ দেশত থাকিও আপোনসকলৰ পৰা দূৰৈত থকাৰ অনুবৱ কিমান কষ্টকৰ সেয়া উপলব্ধি কৰিছিলো। তেওঁলোকক ওচৰত পোৱাটো অসম্ভৱ। একো কৰিবও নোৱাৰো। কেৱল মোবাইল ফোনটোৱেই সংগী। প্ৰতি ক্ষণত যোগাযোগ ৰাখিছিলো ফোনতে।

মছলা খবৰ প্ৰচাৰ কৰাটো বেয়া

মই ক’বলৈ সংকোচবোধ নকৰো যে সংবাদ প্ৰতিষ্ঠানসমূহৰ শুদ্ধ তথ্য সমৃদ্ধ সজাগ কৰিব পৰা সংবাদ প্ৰচাৰৰ যি দায়িত্ব তাৰ বিপৰীতে এতিয়া মছলা যুক্ত, ত্ৰাস সৃষ্টি কৰিব পৰা সংবাদ প্ৰচাৰতহে তেওঁলোক ব্যস্ত।

ছ’চিয়েল মিডিয়াও এতিয়া সমস্যা হৈ পৰিছে। উৰাবাতৰি, ভিত্তিহীন খবৰেৰে ছ’চিয়েল মিডিয়া ভৰি পৰিছে। কিন্তু জনসাধাৰণে প্ৰমাণ থকা, তথ্য সমৃদ্ধ সংবাদকহে গুৰুত্ব দিব লাগে।

হাস্পতালত মই গম পালো কিছুমান মানুহে প্ৰথমে ঘৰলৈ যায়। পৰিয়ালৰ লগত কিছু সময় কটোৱাৰ পাছতহে টেষ্টৰ যো-জা কৰে। মানুহে নিজৰ দায়িত্ব, কৰ্তব্যৰ প্ৰতি অৱহেলা কৰিছে। কিছুমানে মানুহৰ ভিৰৰ মাজলৈকো গৈছে।

এনেবোৰ কাৰণত মানুহ এতিয়া শংকিত হৈ পৰিছে আৰু স্বাস্থ্য বিভাগৰ বিষয়াসকলে মানুহক বিচাৰি বিচাৰি টেষ্ট কৰিবলগীয়া হৈছে। উপযুক্ত সচেতনতা আৰু ভাল ব্যৱহাৰৰ জৰিয়তে মানুহক দায়িত্ববোধ উপলব্ধি কৰাব পাৰিলেহে এনে সমস্যাৰ পৰা হাত সাৰিব পৰা যাব। 

থাৰ্মেল স্কেনিং পৰ্যাপ্ত নহয়

এয়াৰপৰ্টত থাৰ্মেল টেষ্টৰ ব্যৱস্থা দুৰ্বল। বহুতে ভাবিছে থাৰ্মেল স্কেনিঙতে ভাইৰাছ সংক্ৰমণৰ প্ৰমাণ পোৱা যায়। কিন্তু কথাবোৰ তেনে নহয়। কেৱল টেষ্টৰ দ্বাৰাহে ভাইৰাছৰ আক্ৰমণৰ কথাহে জানিব পৰা যায়। মোৰ ক্ষেত্ৰতো এনে হৈছিল।

চৰকাৰৰ দায়িত্ব আছিল যে বাহিৰৰ পৰা অহা প্ৰতিজন মানুহক সূক্ষ্মভাবে টেষ্ট কৰোৱা। সেইজনকহে দেশত প্ৰৱেশ কৰিবলৈ দিব লাগে যিজন ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱা নাছিল। এই কাৰ্যৰ দ্বাৰা চেইন ভঙাত সহায়ক হ’লহেতেন। চৰকাৰ আৰু নাগৰিকৰ দায়িত্বহীনতাৰ বাবে এই ভাইৰাছে ভাৰতত প্ৰৱেশ কৰিলে।

লাজ কৰি লুকুৱাই থকাৰ প্ৰয়োজন নাই

যদি কোনো লোক এই ভাইৰাছৰ দ্বাৰা সাংক্ৰমিত হৈছে তেন্তে তাত লাজ কৰিবলগীয়া একো নাই। যদি সংক্ৰমিত হৈছে বুলি অনুমান কৰে তেনেহ’লে টেষ্ট কৰাবলৈ নিজে আগবাঢ়ি যাব লাগে আৰু তাৎক্ষণিকভাৱে হাস্পিতালত ভৰ্তি হ’ব লাগে। 

এইদৰেই নিজৰ জীৱনৰ লগতে হাজাৰজনৰ জীৱন সুৰক্ষিত কৰিব পৰা যাব। নিজৰ, পৰিয়ালৰ, সমাজৰ আৰু মানৱতাৰ প্ৰতি এয়া দায়িত্ব।
লগতে যিসকল এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে তেওঁলোকক অস্পৃশ্যৰ দৰে ব্যৱহাৰ কৰিব নালাগে। কেৱল মিলা-মিছা, একেলগে থকা-খোৱাৰ পৰা বিৰত থাকিব লাগে।

ডিছাৰ্জ

এজন আক্ৰান্তক সুস্থ বুলি ঘোষণা কৰাৰ পূৰ্বে ৪৮ ঘণ্টাৰ ভিতৰত দুবাৰ টেষ্ট কৰাব লাগে আৰু দুয়োটা টেষ্টৰ ৰিপ’ৰ্ট নিগেটিভ হ’ব লাগে। দুয়োটা ৰিপ’ৰ্ট নিগেটিভ পালেহে ৰোগীজন সুস্থ বুলি নিশ্চিত কৰিব পৰা যায়। এয়া কোনেও কৰো বুলি কৰিব নোৱাৰে।
 
তেলেংগনাত কেৱল এজন ৰোগীক সুস্থ হোৱা বুলি ঘোষণা কৰা হৈছে। মোৰ অনুভৱ হৈছে যে ময়ো সোনকালেই সুস্থ হৈ উঠিম।

আপোনালোক ঘৰতে থাকক। সুৰক্ষিত থাকক। লক্ষণ অনুভৱ কৰিছে যদি টেষ্ট কৰিবলৈ প্ৰশাসনৰ সৈতে যোগাযোগ কৰক। সোনকালেই আমি ইয়াৰ পৰা মুক্ত হ’ব পাৰিম।"